সাপেখাতী: বৰহাটত উশ্বু প্ৰতিযোগিতাত জয়ীহৈ গৌৰৱ কঢ়িয়াই অনা বিজয়ী প্ৰতিযোগীক আদৰণিত ৰাষ্ট্ৰীয় উশ্বু বিচাৰক ৱাংমান ৱাংছু
বৃস্পতিবাৰে ৩-৩০বজাত বৰহাট ৰেল ষ্টেচনত দুজন বিজয়ী উশ্বু প্ৰতিযোগীক ৰাষ্ট্ৰীয় উশ্বু বিচাৰক ৱাংমান ৱাংছু আৰু ৰাজ্যিক উশ্বু বিচাৰক তৰুণ গগৈৰ প্ৰমুখ্যে বৰহাটৰ স্থানীয় ৰাইজে আদৰণি জনায়।উল্লেখ্য যে যোৱা ৩০জানুৱাৰীৰ পৰা ৩১জানুৱাৰী লৈকে গোলাঘাট মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ইন্টাৰ কলেজ চিনিয়ৰ উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ল'ৰাৰ শাখাৰ ৫৬কেজি ওজনত টিট্ লাগড়ৰ নিবাসী দিপেন সোণোৱালৰ পুত্ৰ মানৱ প্ৰতিম সোণোৱালে সোণ ছোৱালী শাখাত ৪৫কেজি ওজনত লাকিলীৰ তৃষ্ণা গগৈয়ে ৰূপ লাভ কৰে।