সাপেখাতী: বৰপথাৰত অনুষ্ঠিত ঐতিহাসিক লেচাই কোঁৱৰ উন্নয়ন সমিতিৰ সভাত টাইপা চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি তিলোচন বৰুৱা উপস্থিত
বৃস্পতিবাৰে ঐতিহাসিক লেচাই কোঁৱৰ মৈদাম সংৰক্ষণ-উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা বৰপথাৰ গাঁৱৰ লেচাই কোঁৱৰ মৈদামৰ সমীপত অনুষ্ঠিত হয়।এই উপলক্ষে লেচাই কোঁৱৰ মৈদাম সংৰক্ষণ-উন্নয়ন সমিতিৰ সভাপতি কিৰণ চাউৰকৰ পৌৰোহিত্বত অনুষ্ঠিত সভাত সমিতিৰ কাৰ্যকৰী সভাপতি নিত্যা ৰাজকোঁৱৰ, টাইপা চৰাইদেউ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি তিলোচন বৰুৱাই অংশগ্ৰহণ কৰে ।সভাত উন্নয়ন সমিতিৰ সাংগঠনিক দিশ, মৈদাম উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে মে দাম মে ফীৰ হিচাপ দাখিল কৰা হয়।