সৃজনগ্ৰামত সম্পন্ন হ’ল বাৰ্ষিক বিজ্ঞানভিত্তিক প্ৰতিযোগিতা, অংশগ্ৰহণ ২৩০ শিক্ষাৰ্থীৰ
Bijni, Chirang | Nov 23, 2026
সৃজনগ্ৰামৰ চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ল বাৰ্ষিক বিজ্ঞানভিত্তিক প্ৰতিযোগিতা। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত ২৫খন বিদ্যালয়ৰ ২৩০গৰাকী শিক্ষাৰ্থীয়ে বিজ্ঞান মডেল, পোষ্টাৰ আৰু বক্তৃতা প্ৰতিযোগিতাত অংশ লৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।