জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত শৈশৱৰ ৰং আৰু অন্তৰংগ আলাপ অনুষ্ঠান
আমি নিজকে তুচ্ছ বুলি নাভাবিলে জীৱনত সফল হ'মেই-- অন্তৰংগ আলাপত সাংসদ দেৱাশীষ শৰ্মা
আমি কেতিয়াও আনৰ সৈতে নিজকে তুলনা কৰিব নালাগে। নিজকে তুচ্ছ বুলি ভাবিব নালাগে। আত্মবিশ্বাসেৰে আমি আগুৱাই গ'লে সফল হ'মেই। জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত আজি শিশু দিৱস উপলক্ষে আয়োজিত শৈশৱৰ ৰং আৰু শিশুৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেৱাশীষ শৰ্মাই। ছাত্ৰ-ছাত্ৰীসকলক ভাল মানুহ হ'বলৈ আহ্বান জনাই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আমি সফল হ'ম গীতটো সমস্বৰে পৰিৱেশন কৰে। আনহাতে ছাত্ৰ- ছাত্ৰীসকলে অন্তৰংগ আলাপত জিলা আয়ুক্ত কিদৰে হ'ব পাৰি, জীৱনত সফল কেনেকৈ হ'ব পাৰি, সাংসদৰ প্ৰিয় গীতকে ধৰি বহু প্ৰশ্নৰে ৰসাল আলাপ কৰে। অনুষ্ঠানত সাংসদ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে হাতৰ ছাপৰ ক'লাজ অংকনত অংশগ্ৰহণ কৰাৰ লগতে চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড° অপূৰ্ব ঠাকুৰীয়াই ছাত্ৰ-ছাত্ৰীসকল এদিন উজ্বলি উঠি সমাজ পোহৰাই তুলিব বুলি উল্লেখ কৰে । তদুপৰি তেওঁ কৰ'নাসৃষ্ট পৰিৱেশৰ ফলত হোৱা মানসিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দিবলৈ শিক্ষক- অভিভাৱক সকলক আহ্বান জনায়।অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজকৰ্মী অতনু শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক শিপা খামুচি আগবাঢ়িবলৈ আহ্বান জনায়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে গীত- নৃত্য পৰিৱেশন কৰাৰ লগতে মোৰ লক্ষ্য কবিতাটো নাটকীয় ৰূপত উপস্থাপন কৰে। অনুষ্ঠানত ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালা বৰা তামুলী, জাগীৰোড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাগৰ ঢুংগেল, মণ্ডল সমন্বয়ক নাহৰিন চুলতানা , জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ, আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱাশীষ দাস, জিলা পৰিষদৰ সদস্য দিপা দাস , শিক্ষক দিঠক কোঁৱৰ , শিক্ষয়িত্ৰী তৃষ্ণা মণি দাস, বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ সভাপতি মধুস্মিতা শইকীয়া প্ৰমুখ্যে পৰিচালনা সমিতি বিষয়ববীয়া, মাতৃ গোট, অভিভাৱক সকল উপস্থিত থাকে। উল্লেখযোগ্য যে অনুষ্ঠানৰ আৰম্ভণিতে কাজিৰঙাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰে। শিক্ষক ৰাজীৱ চহৰীয়াই অনুষ্ঠানৰ আঁত ধৰে।
Laharighat, Morigaon | Nov 14, 2026