মাহমৰা: মৰাণহাটত টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিভিন্ন পদক্ষেপ আৰু সমস্যা সম্পৰ্কে সংবাদমেল প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানত আজি প্ৰতিষ্ঠানখনৰ সঞ্চালক আৰু পৰিচালনা সমিতিয়ে এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷ প্ৰতিষ্ঠানখনে ২০০১ চনৰ পৰা গ্ৰহন কৰি অহা বিভিন্ন কাৰ্যসূচী আৰু বৰ্তমান দেখা দিয়া সমস্যাসমূহৰ সম্পৰ্কত অনুষ্ঠিত কৰা হয় এই সংবাদমেল ৷ সংবাদমেলত টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° গিৰিন ফুকন, পৰিচালনা সমিতিৰ সভাপতি জ্ঞানানন্দ ফুকন আৰু সম্পাদক খগেন্দ্ৰনাথ দিহিঙীয়া উপস্থিত থাকে ৷