মাহমৰা: মৰাণহাটত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰত মেট্ৰিক পৰীক্ষা আৰম্ভ, অৱতীৰ্ণ ১১ খন বিদ্যালয়ৰ পৰীক্ষাৰ্থী
সমগ্ৰ ৰাজ্যৰ লগতে আজিৰে পৰা চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত মাহমৰাৰ ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি ১১ খন বিদ্যালয়ৰ মুঠ ৬৩৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷