মাহমৰা: ডোমৰদলং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সাংসদ পুঁজিৰ শৌচাগাৰৰ শিলান্যাস কৰে অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতিয়ে
ডোমৰদলঙত অৱস্থিত ডোমৰদলং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সাংসদ পুঁজিৰ ৫ লাখ টকাৰে নিৰ্মাণ হ'ব শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ ৷ আজি সাংসদ আৰু বিধায়কৰ অনুপস্থিতিত আঁচনিখনৰ শিলান্যাস কৰে অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াই ৷ অনুষ্ঠানত সৰ্বোদয় পঞ্চায়তৰ সভাপতি চন্দ্ৰ চুতীয়া, ডোমৰদলং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসহ স্থানীয় ৰাইজ উপস্থিত থাকে ৷