Gohpur Rash Preparation.
Anchor: সমাগত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাসৰ বৰ্ণিল পৰিৱেশেৰে মুখৰিত হ’ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। ইতিমধ্যে ৰাস মহোৎসৱক কেন্দ্ৰ কৰি বিভিন্ন স্থানত পূৰ্ণগতিত চলিছে আখৰা আৰু প্ৰস্তুতি। সমান্তৰালভাৱে ব্যস্ততা বৃদ্ধি পাইছে পোছাক ভাণ্ডাৰসমূহতো। ৰাসৰ বিভিন্ন চৰিত্ৰক জীৱন্ত ৰূপত মঞ্চত উপস্থাপন কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে শিল্পীসকল।
এই দৃশ্য গহপুৰৰ ডিফলুসত্ৰৰ পাঞ্চজন্য পোছাক ভাণ্ডাৰৰ। শ্ৰীকৃষ্ণ, কংস, কালকেতু, শংখচূড় আদি চৰিত্ৰৰ বাবে প্ৰস্তুত কৰা হৈছে বিভিন্ন সাজ-পোছাক। চৰিত্ৰসমূহৰ ৰূপ, পৰিচয় আৰু পৰম্পৰাগত বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি পোছাকসমূহ প্ৰস্তুত কৰাত ব্যস্ত পোছাক ভাণ্ডাৰটোৰ পাঁচগৰাকী ব্যক্তি।
পুৱাৰ পৰা নিশালৈকে অবিৰতভাৱে চলিছে চিলাই, অলংকৰণৰ কাম। ৰাসৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে কামৰ ব্যস্ততাও। ৰাস মহোৎসৱৰ প্ৰতিটো চৰিত্ৰক অধিক আকৰ্ষণীয় আৰু জীৱন্ত কৰি তোলাৰ লক্ষ্যৰে এতিয়া অন্তিম পৰ্যায়ৰ প্ৰস্তুতিত ব্যস্ত পাঞ্চজন্য পোছাক ভাণ্ডাৰ।
কেৱল এযোৰ পোছাক প্ৰস্তুত কৰাই নহয়, ৰাসৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ ক্ষেত্ৰতো এনে পোছাক ভাণ্ডাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7