*শিৱসাগৰত বৃহৎ মাৰণাস্ত্ৰ সৰবৰাহ চক্ৰৰ ফাদ! আৰক্ষীৰ জালত মূল মাষ্টাৰমাইণ্ডসহ একাধিক অভিযুক্ত*
শিৱসাগৰত চাঞ্চল্যকৰ মাৰণাস্ত্ৰ সৰবৰাহ কাণ্ডক লৈ সমগ্ৰ জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ সংবাদমেলত পোহৰলৈ আহিছে একাধিক বিস্ফোৰক তথ্য।
আৰক্ষীৰ জালত পৰা চাৰিজন অভিযুক্তক কঠোৰ জেৰা অব্যাহত থকাৰ মাজতে তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে ২৬/১০৭ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত তীব্ৰতৰ কৰি তুলিছে।
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড হিচাপে নাম আহিছে গণকপট্টিৰ অচিন্ত বৰুৱা, খটখটীৰ অমৰ দাস ওৰফে জন মেছ, চেৰেকাপাৰৰ বিক্ৰম বৰুৱা আৰু ভাটিয়াপাৰৰ পাপু দাসৰ। আৰক্ষীয়ে চক্ৰটোৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, যিটো নাগালেণ্ডৰ পৰা গোপনে সৰবৰাহ কৰা হৈছিল বুলি সন্দেহ।
কেৱল মাৰণাস্ত্ৰ সৰবৰাহেই নহয়, এই সংঘবদ্ধ চক্ৰটো গাড়ী চুৰি আৰু আন বিভিন্ন কূটাঘাতমূলক কাৰ্যকলাপৰ সৈতেও জড়িত থকাৰ তথ্য আৰক্ষীৰ হাতত আহিছে। তদন্তকাৰী সংস্থাৰ মতে, এই অস্ত্ৰসমূহ ব্যৱহাৰ কৰি বৃহৎ অপৰাধমূলক নেটৱৰ্ক গঢ়ি তোলাৰ পৰিকল্পনা চলি আছিল।
ইফালে, বিধায়ক অখিল গগৈক হত্যাৰ লক্ষ্য কৰি লোৱা হৈছিল বুলি উত্থাপিত অভিযোগক আৰক্ষীয়ে নস্যাৎ কৰিছে। যদিও বিধায়কগৰাকীয়ে চাৰিজন শ্বাৰ্প শ্বুটাৰে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল বুলি অভিযোগ কৰিছিল, বৰ্তমানলৈকে তেনে কোনো নিৰ্দিষ্ট তথ্য আৰক্ষীৰ হাতত নপৰাৰ কথা স্পষ্টকৈ জনায় অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে।
ঘটনাটোৱে নতুন মোড় লোৱাৰ মাজতে ইতিমধ্যে চাৰিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনিজনকো জেৰাৰ বাবে আটক কৰা হৈছে। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনাই শিৱসাগৰবাসীৰ মাজত উদ্বেগ আৰু কৌতূহল দুয়োটাই বৃদ্ধি কৰিছে
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlight