SBI ফাউণ্ডেচনৰ পৃষ্ঠপোষকতাত তথা গ্ৰাম্য বিকাশ মঞ্চৰ তত্বাৱধানত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ যুৱক-যুৱতী সকলক দেশ সেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে বীৰ লাচিত বৰফুকন যুুৱ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। আজি লাচিত দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ উদ্যোগত সেনা- অৰ্ধসামৰিক বাহিনী আদিৰ সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলোৱা প্ৰশিক্ষাৰ্থী সকলক লৈ বিশেষ দক্ষতা প্ৰদৰ্শন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। #SBIFoundation #Udalguri