ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো আজিৰ পৰা উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস আৰম্ভ কৰা হৈছে । ২৪ নৱেম্বৰলৈ চলিবলগীয়া এই অভিযানটো আজি ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ওদালগুৰি জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত স্বৰাজ ভাৰত লাগাছুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অভিযানৰ সময়ছোৱাত জন্মৰপৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ প্ৰতিষেধক প্ৰদান কৰা হ'ব। অহা ২৪ নৱেম্বৰলৈ চলিব লগা এই অভিযানত ওদালগুৰি জিলাৰ ১,০৫,৮৫৫ টা শিশুক পলিঅ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। অভিযানৰ প্ৰথমটো দিনত ৬৩৮ টা বুথৰ জৰিয়তে আৰু বাকী দুদিন আশা কৰ্মীয়ে ঘৰে ঘৰে গৈ পলিঅ প্ৰতিষেধক প্ৰদান কৰিব বুলি জিলা খনৰ স্বাস্থ্য বিভাগেে জানিব দিছে।