ওদালগুৰি জিলাৰ খাওৰাঙত এছ বি আই ফাউণ্ডেচন পৃষ্ঠপোষকতাত তথা গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত এক বিশেষ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এছ বি আই গ্ৰাম সেৱা প্ৰকল্পৰ অধীনত আয়োজিত এই কাৰ্যসূচীত ৪০ গৰাকী আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱতীৰ মাজত চাইকেল বিতৰণ কৰাৰ লগতে বিশেষভাৱে সক্ষম লোকসকলৰ মাজত ৩খন ট্ৰাইচাইকেল, ১৫খন হুইল চেয়াৰ আৰু ৮টা হিয়াৰিং এইড বিতৰণ কৰা হয়। লাচিত দিৱসৰ লগত সংগতি ৰাখি গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱতীসকলৰ যাতায়াতৰ সুবিধা বৃদ্ধি আৰু বিশেষভাৱে সক্ষম লোকসকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰে সংস্থাটোৱে।
Udalguri, Udalguri | Nov 25, 2026