বঙাইগাঁৱত 'জুবিন অনন্য': প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি বিশেষ অনুষ্ঠান
Bijni, Chirang | Nov 23, 2026
বঙাইগাঁৱৰ উইণ্টাৰ কাৰ্নিভেল ফিল্ডত অসম নাট্য সন্মিলন, দোলাইগাঁও শাখাৰ উদ্যোগত অনুষ্ঠিত হ'ল 'জুবিন অনন্য'। অনুষ্ঠানটোত জুবিন গাৰ্গৰ গীত পৰিৱেশন আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ জৰিয়তে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।