জুবিন গাৰ্গৰ অসমৰ প্ৰতি থকা ভালপোৱা কেৱল গান বা সংস্কৃতিৰ মাজতেই সীমাবদ্ধ নহয়, খেলধূলাৰ ক্ষেত্ৰতো সমানে গভীৰ। তেওঁৰ সপোন হৈছে এদিন ভাৰতীয় ফুটবল দলে FIFA World Cup-ত অংশগ্ৰহণ কৰা, আৰু সেই দলত অন্ততঃ পাঁচজন অসমীয়া খেলুৱৈ থকাটো। এই সপোন কেৱল এজন ফুটবলপ্ৰেমীৰ সপোন নহয়, ই অসমৰ প্ৰতিভা, সম্ভাৱনা আৰু যুৱ শক্তিৰ ওপৰত থকা তেওঁৰ অগাধ বিশ্বাসৰ প্ৰতিফলন।
২০১৮ চনৰ ৰাছিয়াৰ FIFA World Cup-ত জুবিন দাৰ উপস্থিতিৰ মুহূৰ্তসমূহে দেখুৱাইছিল যে তেওঁ কেৱল সংগীতৰ কিংবদন্তী নহয়, এজন আবেগিক ফুটবলপ্ৰেমীও। তেওঁৰ এই সপোনে অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰে, যেন এদিন অসমীয়া খেলুৱৈয়েও বিশ্ব ফুটবলৰ সৰ্বোচ্চ মঞ্চত অসমৰ পতাকা উৰুৱাব পাৰে।
#JusticeForZubeenGarg