মাহমৰা: বটামৰা উ: মা: জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ ৰাজ্যিক সা: সম্পাদক সুৰুজ দিহিঙীয়া
চৰাইদেউ জিলাৰ মাহমৰাৰ বটামৰা উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয়ত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিয়লি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া ৷ অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুক্তি গগৈ, উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ সন্দিকৈ, বিদ্যালয়ৰ অধ্যক্ষা শিৱানী শৰ্মা গগৈকে ধৰি বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷