মাহমৰা: ঊষাপুৰত সদৌ অসম ভিত্তিত ৩য় বাৰ্ষিক বসন্ত কুমাৰ গগৈ আৰু দুৰ্গাপ্ৰসাদ বৰুৱা সোঁৱৰণী দিবা-নৈশ ভলীবল প্ৰতিযোগিতা আৰম্ভ
চৰাইদেউ জিলাৰ উষাপুৰ খেলপথাৰত মৰাণহাট ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ঊষাপুৰ যুৱ সংঘৰ উদ্যোগত মৰাণহাট ক্ৰীড়া সন্থাৰ সহযোগত তৃতীয় বাৰ্ষিক বসন্ত কুমাৰ গগৈ আৰু দুৰ্গাপ্ৰসাদ বৰুৱা সোঁৱৰণী দিবা-নৈশ ভলীবল প্ৰতিযোগিতা আৰম্ভ হয় ৷ শনিবাৰে প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে মৰাণহাট ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি অতুল গগৈয়ে ৷ উদ্বোধনী খেলখন তিনিচুকীয়া বাৰেকুৰি আৰু নাহৰকটীয়া ভলীবল দলৰ মাজত অনুষ্ঠিত হয় ৷