মাহমৰা: মৰাণহাটত ৰে'লৰ খুন্দাত আই টি আইত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ শোকাৱহ মৃত্যু
মৰাণহাটত ৰে'লৰ খুন্দাত আই টি আইত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ শোকাৱহ মৃত্যু। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয়ৰ সমিপত আজি উজনিমুৱা ১৫৬৬৯ নম্বৰৰ নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় মৰাণৰ পানীতোলা গাঁৱৰ ৰাহুল চাংমাই নামৰ ছাত্ৰগৰাকীৰ ৷ ইতিমধ্যে ৰেলৱেʼ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰলৈ প্ৰেৰণ কৰিছে।