মাহমৰা: মাহমৰাৰ ককিলাচুক নিবাসী কবি, সাংবাদিক কুলদ্বীপ কটকীৰ মৃত্যু,গুৱাহাটীত নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি কেবিনেট মন্ত্ৰী যোগেন মহনৰ
মাহমৰাৰ ককিলাচুক গাঁৱৰ নিবাসী উদীয়মান কবি, সাংবাদিক কুলদ্বীপ কটকীয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় ৷ আজি বিয়লি গুৱাহাটীত কুলদ্বীপ কটকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ পাটসাঁকো অঞ্চলৰ যুৱ সমাজকৰ্মী, কবি-সাংবাদিক কুলদ্বীপ কটকীয়ে মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীজনে ৷