🛑পুৱতি নিশাৰ ভয়ংকৰ দুৰ্ঘটনা!
🛑গৌৰীসাগৰৰ মিতং নৈত বাগৰিল বাহন,
🛑উপস্থিতবুদ্ধিত প্ৰাণ ৰক্ষা চালকৰ
শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলত পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় সূত্ৰে জনোৱা মতে, এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰে।
বাহনখনৰ চালক শুৱালকুছিৰ ধ্ৰুৱজ্যোতি শৰ্মা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ সময়ত গাড়ীখন সম্পূৰ্ণৰূপে পানীত ডুব যোৱাৰ আশংকা থাকিলেও চালকৰ উপস্থিত বুদ্ধি আৰু তৎপৰতাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পায়।
এই ঘটনাই পুনৰ এবাৰ নিশা আৰু পুৱতি সময়ত সাৱধানে বাহন চলোৱাৰ প্ৰয়োজনীয়তাৰ কথাকে সোঁৱৰাই দিলে ।
#BreakingNews #Gaurisagar #Sivasagar #AssamNews