তেজপুৰ মেডিকেল কলেজত MBBS-ত আসন লাভ কৰাৰ পিছতো আৰ্থিক অভাৱত থমকি ৰৈছে মৃন্ময় ৰাভা। ওদালগুৰি জিলাৰ ভেৰগাঁও হিৰাবাৰী গাঁৱৰ নিবাসী হোমেশ্বৰ ৰাভা আৰু ডেইজী ৰাভাৰ সু-সন্তান মৃন্ময় ৰাভা। মেধাৰ বলত ২০২৬ বৰ্ষৰ NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেজপুৰ মেডিকেল কলেজত MBBS অধ্যয়নৰ বাবে আসন লাভ কৰিবলৈ সক্ষম হৈছে মৃন্ময়ে।
কিন্তু মেধা আৰু সাফল্যৰ পিছতো এতিয়া মৃন্ময়ৰ সন্মুখত আহি থিয় দিছে এক ডাঙৰ প্ৰত্যাহ্বান। মৃন্ময় ৰাভাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়। সেয়ে পাঁচ বছৰীয়া MBBS অধ্যয়নৰ ব্যয় বহন কৰাটো পৰিয়ালটোৰ বাবে কঠিন হৈ পৰিছে।
এই সংকটৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ CEM হাগ্ৰামা মহিলাৰীৰ ওচৰত আৰ্থিক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে মৃন্ময় ৰাভাৰ লগতে স্থানীয় সচেতন লোকসকলে।
Himanta Biswa Sarma
Hagrama Mohilary