সোণাৰি: সাপেখাতীত এটা পুখুৰীত ওপঙি থকা অৱস্থাত এজন অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
চৰাইদেউৰ সাপেখাতীত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ। এঞ্জেলিকা একাডেমি সমীপৰ এটি পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। বর্তমানেও চিনাক্ত হোৱা নাই মৃতদেহটো।মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে