সোণাৰি: সোণাৰিৰ বৰহাটত আছু'ৰ উদ্যোগত বিদ্যুতৰ মাছুল বৃদ্ধি,অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ
সোণাৰিৰ বৰহাটত বৰহাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিদ্যুতৰ মাছুল বৃদ্ধি,অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বৃস্পতিবাৰে ১১ বজাত বৰহাট সাপ্তাহিক বজাৰ তিনি আলিত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰে।প্ৰতিবাদকাৰীয়ে অসম চৰকাৰৰ হায় হায়,বিজেপি চৰকাৰ মুৰ্দাবাদ,বিদ্যুৎ বিভাগ মাছুল হ্ৰাস কৰক,আদি বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে।