*শিৱসাগৰত বিজেপিৰ সাংগঠনিক তৎপৰতা বৃদ্ধি; ১০ জুলাইৰ পৰা ৰাজ্যজুৰি বিশেষ কাৰ্যসূচী*
অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত শিৱসাগৰ আৰু চৰাইদেউ জিলা বিজেপিৰ এক বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি আগন্তুক সময়ৰ বাবে দলৰ বিস্তৃত কাৰ্যসূচীৰ কথা ঘোষণা কৰে। শিৱসাগৰ নগৰৰ কে পি এম মেমৰিয়েল হলত অনুষ্ঠিত সংবাদমেলত সম্বোধন কৰি তেওঁ কয় যে শেহতীয়া নিৰ্বাচনত ৰাইজে বিজেপিৰ সপক্ষে প্ৰদান কৰা জনাদেশ অভূতপূৰ্ব আৰু এই জনাদেশৰ মৰ্যাদা ৰক্ষা কৰাটো দলৰ অন্যতম দায়িত্ব।
তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যিক পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈকে সকলো কাৰ্য্যকৰ্তাৰ সৈতে মত-বিনিময়ৰ জৰিয়তে সংগঠন অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সাংগঠনিক অভিযান উজনি অসমৰ পৰা আৰম্ভ কৰা হৈছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বৈঠক সম্পন্ন কৰাৰ পাছত আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কাৰ্য্যকৰ্তাসকলৰ সৈতে আলোচনা অনুষ্ঠিত হয়।
দিলীপ শইকীয়াই কয় যে দলীয় কাৰ্য্যকৰ্তাসকলক সমাজৰ সকলো স্তৰৰ লোকৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত কৰাৰ উদ্দেশ্যেই এই বৈঠকসমূহৰ আয়োজন কৰা হৈছে। প্ৰতিজন কাৰ্য্যকৰ্তাই দিনটোৰ ২৪ ঘণ্টাই ৰাইজৰ সৈতে সংযোগ ৰক্ষা কৰি সক্ৰিয়ভাৱে কাম কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।
ইয়াৰ বাবে প্ৰতিটো মণ্ডলত দুদিনীয়া আৰু জিলা পৰ্য্যায়ত তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হ’ব। দলৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মীসকলক জৈৱিক কৃষি, পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতি বিষয়ক প্ৰশিক্ষণো প্ৰদান কৰা হ’ব।
ৰাজ্যিক সভাপতিগৰাকীয়ে ঘোষণা কৰে যে অহা ১০ জুলাইৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২ বছৰীয়া সফল কাৰ্যকাল উপলক্ষে ৰাজ্যৰ প্ৰতিটো ধৰ্মীয় স্থান আৰু উপাসনালয়ত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হ’ব। ইয়াৰ উপৰিও ৰাজ্যজুৰি বিজেপি কৰ্মীসকলে লক্ষাধিক গছপুলি ৰোপণ কৰাৰ অভিযান চলাব।
তেওঁ কয় যে ইয়াৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱীসকলৰ সৈতে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ সফল কাৰ্যকালৰ সৈতে সংগতি ৰাখি “বিকাশ যাত্ৰা” কাৰ্যসূচীৰ অধীনত প্ৰতিটো মণ্ডলত যোগ দিৱসো পালন কৰা হ’ব। “বিকাশ ভি, বিৰাসত ভি” শ্লোগানেৰে দলীয় কৰ্মীসকলে ৰাইজৰ কাষ চাপিব বুলি তেওঁ উল্লেখ কৰে।
চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ সঠিকভাৱে লৈ যোৱা আৰু চৰকাৰৰ উন্নয়নমূলক কাম-কাজসমূহৰ অগ্ৰগতি তৃণমূল পৰ্য্যায়ত পৰ্যবেক্ষণ কৰাটোও দলীয় কৰ্মীসকলৰ অন্যতম দায়িত্ব হ’ব বুলি শইকীয়াই মন্তব্য কৰে। আগন্তুক সময়ত দলৰ আদৰ্শ আৰু নীতি অধিক ফলপ্ৰসূভাৱে জনসাধাৰণৰ মাজলৈ লৈ যোৱাই এই বৈঠকসমূহৰ মূল উদ্দেশ্য বুলি তেওঁ স্পষ্ট কৰে।
ইফালে, দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ নাম উপেক্ষিত হোৱা সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ অধ্যয়নৰ অভাৱৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁ লগতে পাথৰুঘাটৰ কৃষক বিদ্ৰোহো দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ থকা বুলি উল্লেখ কৰি বিষয়সমূহ সংসদত বলিষ্ঠভাৱে উত্থাপন কৰাৰ আশ্বাস প্ৰদান কৰে।
অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়নৰ ক্ষেত্ৰতো গুণোৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যৰ বিভিন্ন জাতীয় বিদ্যালয়েও এই ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াই আহিছে।
— প্ৰাঞ্জল পূজাৰী, শিৱসাগৰ
#everyoneactivefollowersシfypシ゚viralシalシ #hilightseveryonefollowers #highlights2026