মাহমৰা: মাহমৰাৰ বালিখুটি আৰু নিজখালৈঘুগুৰাত কংগ্ৰেছৰ দলীয় সভাত উপস্থিত থাকে ৰাজ্যিক সাধাৰণ সম্পাদক উৎপল গগৈ
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বালিখুটি আৰু নিজখালৈঘুগুৰাত আজি সন্ধিয়াপৰ্যন্ত কংগ্ৰেছ দলৰ দুখনকৈ দলীয় সভা অনুষ্ঠিত হয় ৷ মাহমৰা ব্ল'ক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই দুয়োখন সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈকে ধৰি জিলা আৰু ব্ল'ক পৰ্যায়ৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷