মাহমৰা: মৰাণহাটত অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত ভূমিকম্পৰ পৰা হ'ব পৰা দূৰ্ঘটনা প্ৰতিৰোধৰ ম'কড্ৰীলৰ সম্পৰ্কত অইল কৰ্তৃপক্ষৰ সংবাদমেল
চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণহাট খটখটিত অৱস্থিত অইল ইণ্ডিয়া লিমিটেড, মৰাণৰ প্ৰতিৰক্ষা বিভাগত আজি এক সংবাদমেল অনুষ্ঠিত কৰে অইল কৰ্তৃপক্ষই ৷ এই সংবাদমেলত ভূমিকম্পকে ধৰি আকস্মিক প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ'ব পৰা জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ থকাৰ উদ্দেশ্যে মৰাণ অইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বৃহস্পতিবাৰে এক যৌথ ম'কড্ৰীল কাৰ্যসূচী হাতত লোৱাৰ সম্পৰ্কত সংবাদমাধ্যমক অৱগত কৰে অইল ইণ্ডিয়াৰ প্ৰতিৰক্ষা বিভাগে ৷