মাহমৰা: মৰাণহাট ঊষাপুৰত চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু উদযাপন, দোলাযাত্ৰা শুভউদ্বোধন কৰে টাইপাৰ কেন্দ্ৰীয় সভাপতিয়ে
চৰাইদেউ জিলাৰ মৰাণহাট ঊষাপুৰত আজি উলহ-মালহেৰে অনুষ্ঠিত হৈছে চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহু ৷ ঊষাপুৰ মহিলা সমাজ, মৰাণ মহিলা মঞ্চ, টাই আহোম যুৱ পৰিষদ, অসমৰ মৰাণ আঞ্চলিক সমিতি, মৰাণ শিল্পী সমাজ আৰু বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত আয়োজন কৰা এই তৰাচিঙা বিহুৰ দুপৰীয়া প্ৰায় ১ বজাত বৰ্ণাঢ্য দোলা যাত্ৰা উলিওৱা হয় ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলেৰে উলিওৱা এই বৰ্ণাঢ্য শোভাযাত্ৰা উদ্বোধন কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে