মাহমৰা: মাহমৰাৰ বটামৰা, বৰডবা আৰু খটখটিত দলীয় সাংগাঠনিক সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত বটামৰা, বৰডবা আৰু খটখটি বাগিচাৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি বিজেপি দলৰ মাহমৰা সমষ্টিৰ শক্তিকেন্দ্ৰ পৰ্যায়ত তিনিখনকৈ সভা অনুষ্ঠিত হয় ৷ এই সভাত মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ, জিলা বিজেপিৰ উপসভাপতি মন্টু কোঁৱৰ আৰু ৰ'জকমল মহন, অগপৰ মাহমৰা সমষ্টিৰ সভাপতি পূৰ্ণানন্দ চুতীয়াকে ধৰি বহুসংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷