তামুলপুৰ: তামুলপুৰ আঞ্চলিক দুৰ্গাপূজাৰ স্থলীত দেওবাৰে বিয়লি উপস্থিত হৈ মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিজিত গৌৰা নাৰ্জাৰীয়ে
Tamulpur, Baksa | Sep 28, 2025 তামুলপুৰ আঞ্চলিক দুৰ্গাপূজাৰ স্থলীত দেওবাৰে বিয়লি প্ৰায় তিনি মান বজাত উপস্থিত হৈ মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিজিত গৌৰা নাৰ্জাৰীয়ে।তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰৰ ৫৮ সংখ্যাক তামুলপুৰ আঞ্চলিক দুৰ্গাপূজাৰ স্থলীত উপস্থিত হৈ মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন কৰে দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপিৰ হৈ জয়লাভ কৰা বিজিত গৌৰা নাৰ্জাৰীয়ে।তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিত অনুষ্ঠিত এই অনুষ্ঠানত বিজিত গৌৰা নাৰ্জাৰীৰ লগতে উপস্থিত থাকে দলীয় নেতা কৰ্মীৰ লগতে স্থানীয় ভক্তপ্ৰাণ ৰাইজ।