সোণাৰি: সোণাৰিৰ গগৈমাৰিত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মন্ত্ৰী যোগেন মহন,বিধায় ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰিৰ গৰৈমাৰি ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা আন্তঃজিলা চিনিয়ৰ মহিলা হকী প্ৰতিযোগিতা শুক্ৰবাৰে ২ বজাত সফল সামৰণি পৰে। চূড়ান্ত খেলত ডিব্ৰুগড় মহিলা দলে নগাঁও দলক ৫-০গ'লৰ ব্যৱধানত পৰাজিত কৰি জয়ী হয়।অনুষ্ঠানত অসম ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি হিৰণ্য বৰা, অসম ক্ৰীড়া সন্থাৰ সঞ্চালক তপন কুমাৰ দাস,সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱৰ,মাহমৰা প্রেছ ক্লাবৰ সভাপতি সঞ্জয় নেৱাৰ,চৰাইদেউ প্রেছ গীল্ডৰ সভাপতি সূৰ্য বৰাৰ প্ৰমুখ্যে কেইবাজনো ক্ৰীড়াপ্ৰেমী অংশগ্ৰহণ কৰে