সাপেখাতী: নগাহাটত বিজিপিৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সাংগঠনিক সভা,সভাত বিজেপিৰ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাচা উপস্থিত
শুক্ৰবাৰে নগাহাটত আগন্তুক লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ পৰামৰ্শ অনুসৰি প্ৰত্যেক মণ্ডল সমিতি সমূহৰ সাংগঠনিক দিশ শক্তিশালী কৰা বাবে সঘনে সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। আজি বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰবী দুৱৰাৰ পৌৰোহিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে সম্পাদক চন্দন সোণোৱালে। সভাত চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, উপ-সভাপতি সুভাষ দে,বিজেপি যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈয়ে অংশগ্ৰহণ কৰে।