সোণাৰি: সোণাৰিৰ কংগ্ৰেছৰ ৰাজীৱ ভৱনত নৱ নিযুক্ত জিলা সভাপতি উৎপল গগৈক উষ্ম আদৰণি, উপস্থিত বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া
সোণাৰি ৰাজীৱ ভৱনত নৱনিযুক্ত জিলা সভাপতি উৎপল গগৈক উষ্ম আদৰণি। উপস্থিত থাকে বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া। চৰাইদেউ জিলাৰ পূৰ্বৰ সভাপতি অনুজ বৰকটকী বিজেপিত যোগদান কৰাৰ পাছতেই নতুনকৈ জিলা সভাপতি দায়িত্ব দিয়ে উৎপল গগৈক। উৎপল গগৈক দলৰ কৰ্মকতাই ৰাজীৱ ভৱনত আজি উষ্ম আদৰণি জনায়। দায়িত্ব লৈয়ে গৌৰৱ গগৈ এইবাৰ জয়ী হোৱাটো নিশ্চিত বুলিও কয় নৱনিযুক্ত জিলা সভাপতিয়ে।