সোণাৰি: সুন্দৰপুৰ বাগিছাৰ পূজা গৃহত বিজেপিৰ যোগদান কাৰ্যসূচী, উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে সুন্দৰপুৰ বাগিছাৰ পূজা গৃহত বিজেপিৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।আদিবাসী যুৱ পৰিষদৰ বহু কেইগৰাকী বিষয়ববীয়াৰ লগতে কংগ্ৰেছ দলৰ সদস্যই বিজেপি দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাচা উপস্থিত থাকে।