নগাঁৱৰ কঠিয়াতলীত পুনৰ চুৰিকাণ্ড ৷ এইবাৰ জুৱেলাৰী দোকানত চুৰিকাণ্ড ৷ কঠিয়াতলী বজাৰৰ মাজমজিয়াত থকা ৰামকৃষ্ণ জুৱেলাৰীত চোৰৰ চাফাই অভিযান ৷ জুৱেলাৰী খনৰ চাৰ্টাৰ ভাঙি চোৰ প্ৰৱেশ কৰি ভিতৰত থকা ল'কাৰ ভাঙি বহু সোন ৰূপৰ অলংকাৰ লৈ উধাও হয় চোৰ ৷চুৰি হোৱা অলংকাৰৰ মূল্য সঠিক ভাৱে জানিব পৰা নাই যদিও কেইবা লাখ হ'ব বুলি অনুমান কৰিছে স্থানীয় লোকে ৷ পূৰ্বেই এই জুৱেলাৰী খনত সংঘটিত হৈছিল ডকাইটি কাণ্ড ৷ ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনচিক দল উপস্থিত হৈ চোৰৰ অভিযান চলাইছে ৷ #viralpost #AssamNews #nagaon #assam