বটদ্ৰৱা থানত অসম সত্ৰ মহাসভাৰ ৫৩সংখ্যক পূৰ্ণকালীন অধিৱেশনৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠান।
তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত অসম সত্ৰ মহাসভাৰ ৫৩সংখ্যক পূৰ্ণকালীন অধিৱেশনৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।
শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই শুভাৰম্ভ কৰে এই সাংস্কৃতিক শোভাযাত্ৰাৰ। শোভাযাত্ৰাত অসমৰ বিভিন্ন সত্ৰৰ পৰা অহা ভকত-বৈষ্ণৱসকলে অংশগ্ৰহণ কৰি বটদ্ৰৱা থানৰ আধ্যাত্মিক পৰিৱেশ অধিক জীপাল কৰি তোলে।
এই অনুষ্ঠানত উপস্থিত থাকে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক লাচিত বৰদলৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
ভক্তি, আধ্যাত্মিকতা আৰু সত্ৰীয়া সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে সামৰণি পৰে অসম সত্ৰ মহাসভাৰ এই অধিৱেশন।
#বটদ্ৰৱাlivetv #NewsUpdate #Batadrava #Nagaon #NagaonNews #AsomSatraMahasabha #AssamCulture #SatraCulture #অসম #বটদ্ৰৱা #অসমসত্ৰমহাসভা
Nagaon, Nagaon | Nov 22, 2026