১১ দিনৰ পদযাত্ৰা, প্ৰায় ৪০০ কিলোমিটাৰ অতিক্ৰম কৰি খানাপাৰাত উপস্থিত হোৱাৰ পাছতে আটক অসম ছাত্ৰ যুৱ সন্মিলন আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পদযাত্ৰীসকলক।
জিন্টু মেছ আৰু পৰশ জ্যোতি দাসৰ নেতৃত্বত যোৱা ২৩ অক্টোবৰত শিৱসাগৰৰ গৌৰিসাগৰৰ পৰা জনতা ভৱন অভিমুখে আৰম্ভ হৈছিল এই পদযাত্ৰা (লিংমাৰ্চ)।
জুলাই মাহৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ, পুনৰ সংস্থাপন, বাট-পথৰ পুনৰ নিৰ্মাণ, আন্তঃগাঁথনি উন্নয়নৰ বিশেষ পেকেজকে ধৰি কেইবাটাও দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল সংগঠন দুটাই।