"হে অসমীয়া ৰাইজ। অসম মষিমূৰ হ'লে অসমীয়াও মৰিব। অসমীয়াৰ লাখ লাখ বছৰৰ সাধনাৰ ফলত পোৱা ব্ৰহ্মপুত্ৰৰ দৰে বিশাল অসমীয়া সংস্কৃতিও বিলুপ্ত হ'ব। এই লুপ্ত ৰাজ্যৰ বুকুত পূর্বপুৰুষসকলৰ শাও-সপনিৰে ভৰা অভিশাপ গুমৰি উঠিব। আজি প্রত্যেক অসমীয়াই সংকল্প গ্রহণ কৰা উচিত অসমখনক মৰিবলৈ নিদিওঁ অসমৰ বুকুত বৈচিত্র্যৰ মালা ঐক্যৰ ডোলেৰে গুঁঠি দুনাই শক্তিশালী নতুন অসমীয়া জাতি গঢ়ি, শক্তিশালী ন-অসম গঢ়ি সমন্বিত শকতিৰ সুন্দৰতম ন-অসমীয়া সংস্কৃতি ৰচো, সোণৰ অসম গঢ়ি আশাৰ ৰংঘৰ, আকাংক্ষাৰ কাৰেংঘৰ, কামনা-বাসনাৰ তলাতল ঘৰ সাজো।”
-বিষ্ণু প্ৰসাদ ৰাভা