
*দক্ষতা বিকাশৰ জৰিয়তে স্বনিয়োজনৰ পথ মুকলি কৰাৰ আহ্বান জিলা আয়ুক্তৰ*
*মৰিগাঁৱত দক্ষতা বিকাশ পাঠ্যক্ৰমৰ সমল ব্যক্তিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন*
মৰিগাঁও, ৯ জুনঃ মৰিগাঁও জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি শিক্ষানুষ্ঠানসমূহত ৰূপায়ণ হ’বলগীয়া দক্ষতা শিক্ষা পাঠ্যক্ৰমৰ বাবে নিয়োগ কৰা সমল ব্যক্তিসকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত দক্ষতা শিক্ষাৰ সফল ৰূপায়ণ, শিক্ষাৰ্থীসকলক কৰ্মমুখী কৰি তোলা আৰু স্বনিয়োজনৰ সুযোগ সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
সভাত বক্তব্য ৰাখি জিলা আয়ুক্তগৰাকীয়ে কয় যে বৰ্তমান যুগ তথ্য-প্ৰযুক্তি আৰু কম্পিউটাৰৰ যুগ। সময়ৰ লগে লগে বিশ্বদৃষ্টি, জীৱনবোধ আৰু কৰ্মসংস্কৃতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে। এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলক কেৱল পুথিগত জ্ঞানেই নহয়, ব্যৱহাৰিক দক্ষতা, উদ্যোগশীলতা আৰু কৰ্মসংস্থাপনৰ বাবে যোগ্যতা বৃদ্ধিৰ দিশতো আগুৱাই নিয়াটো অতি প্ৰয়োজনীয়। তেওঁ সমল ব্যক্তিসকলক নিষ্ঠা, আন্তৰিকতা আৰু সামাজিক দায়বদ্ধতাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে চৰকাৰে বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন শিক্ষামূলক সুবিধা প্ৰদান কৰাৰ পিছতো সমাজত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা উদ্বেগজনক। সেয়েহে দক্ষতা বিকাশৰ জৰিয়তে শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰশীল আৰু স্বনিয়োজনমুখী কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
সভাত অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাই কয় যে দক্ষতা শিক্ষা হৈছে শিক্ষাৰ্থীসকলক বাস্তৱ জীৱন আৰু কৰ্মক্ষেত্ৰৰ বাবে প্ৰস্তুত কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। এই পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলে ব্যৱহাৰিক জ্ঞান, সমস্যা সমাধানৰ দক্ষতা, ডিজিটেল সাক্ষৰতা আৰু দলীয়ভাৱে কাম কৰাৰ মানসিকতা গঢ়ি তুলিব পাৰিব। তেওঁ সমল ব্যক্তিসকলক পাঠদানক অধিক অংশগ্ৰহণমূলক, ব্যৱহাৰিক আৰু শিক্ষাৰ্থীৰ বাবে অনুকূল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত দক্ষতা শিক্ষাৰ মূল উদ্দেশ্যসমূহৰ ভিতৰত শিক্ষাৰ্থীৰ ব্যৱহাৰিক দক্ষতা বৃদ্ধি, উদ্যোগশীলতা আৰু স্ব-নিয়োজনৰ মানসিকতা গঢ়ি তোলা, সৃষ্টিশীলতা আৰু সমালোচনামূলক চিন্তাধাৰাৰ বিকাশ, বিদ্যালয় শিক্ষা আৰু কৰ্মজগতৰ মাজৰ ব্যৱধান দূৰ কৰা, বিভিন্ন বৃত্তি আৰু কেৰিয়াৰৰ সুযোগ সম্পৰ্কে জ্ঞান প্ৰদান, ডিজিটেল সাক্ষৰতা উন্নীতকৰণ, শ্ৰমৰ মৰ্যাদাৰ প্ৰতি সন্মান গঢ়ি তোলা আৰু উচ্চ শিক্ষা তথা কৰ্মজীৱনৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰাৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।
সভাত সমগ্ৰ শিক্ষা, অসমৰ জিলা আঁচনি বিষয়া ৰোহিনী দত্ত, জিলা পশুচিকিৎসা বিষয়া ডাঃ নীলোৎপল কাকতি, সমগ্ৰ শিক্ষা, অসমৰ অৱসৰপ্ৰাপ্ত জিলা আঁচনি বিষয়া ৰাজেন গোস্বামীকে ধৰি বিভিন্ন বিভাগৰ বিষয়া আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লগতে স্বাস্থ্য বিভাগ, কৃষি বিভাগ, আইটিআই, পলিটেকনিক আৰু বিভিন্ন মহাবিদ্যালয়ৰ পৰা নিয়োগ কৰা সমল ব্যক্তিসকলেও সভাত অংশগ্ৰহণ কৰে।