সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন, সংগীত, কৰ্মৰাজি, লাভ কৰা সন্মান আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানক এখন বিশেষ ছবিৰ জৰিয়তে সুন্দৰকৈ তুলি ধৰিছে টংলাৰ হৃষীকেশ শইকীয়াই। জন্মৰ পৰা জীৱনৰ অন্তিম সময়লৈকে সুধাকণ্ঠৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাক সামৰি প্ৰস্তুত কৰা এই ছবিখন কেৱল এখন শিল্পকৰ্মই নহয়, বৰঞ্চ মহান শিল্পীগৰাকীৰ প্ৰতি এক আন্তৰিক শ্ৰদ্ধাঞ্জলি। তেওঁৰ কালজয়ী গীত, সৃষ্টি আৰু আদৰ্শ যে সদায় অসমবাসীৰ হৃদয়ত জীয়াই থাকিব, সেই কথাই পুনৰ প্ৰতিফলিত কৰিছে এই প্ৰয়াসে। ❤️