বৃহস্পতিবাৰে চেপ্টিত অনুষ্ঠিত যুৱ মৰ্চাৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সভাত উপস্থিত থাকে বিজেপিৰ উত্তৰ কামৰূপ জিলা সভাপতি সুবল পাল। যুৱ মৰ্চাৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা সভাত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সহঃ তত্ত্বাৱধায়ক কৌশিক পালেও অংশগ্ৰহণ কৰি ভাষণ ৰাখে। সভাখন সঞ্চালনা কৰে যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলা সভাপতি ঋষভ ৰঞ্জন দাসে।