'এইবাৰ আঞ্জুকপানীত পদুম ফুলিবই।'– দেওবাৰে কলিয়াবৰৰ আঞ্জুকপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰেকাপাহাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক আৰবী গামোচা আৰু টুপীৰে সম্বৰ্ধনা জনাই আৰু কংগ্ৰেছ দলক ধিক্কাৰ দি সংখ্যালঘু লোকে মন্তব্য কৰে। উল্লেখ্য, কলিয়াবৰত আজিৰ দিনটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় কামাখ্যা প্ৰসাদ তাছাই।