শিৱসাগৰ জিলাৰ বানাক্ৰান্তৰ কাষত*আমৰা কৰিমগঞ্জী* নামৰ স্বেচ্ছাসেৱী সংগঠন
জিলা খনৰ বান দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে সুদূৰ কৰিমগঞ্জৰ পৰা আহি কেইজনমান উদ্যমী যুৱক । বান বিধ্বস্ত অঞ্চল চন্টক, বিহুবৰ , নেপালী খুঁটি , খাটপথাৰ, জয়সাগৰ আদি বিভিন্ন স্থানত বিতৰণ কৰিছে খাদ্য সামগ্ৰীৰ লগতে ব্লিচিং পাউডাৰ, ফেনাইলকে আদি কৰি কিতাপ বহী আদি অত্যাৱশ্যকীয় সামগ্ৰী । অন্যহাতে বানাক্ৰান্তৰ বিভিন্ন স্থানত কেইবাশতাধিক ব্যক্তিৰ মাজত বিতৰণ কৰিছে এসাঁজ খাদ্য । এইখিনিতে উল্লেখ কৰিব যে প্ৰায় এটা সপ্তাহ শিৱসাগৰৰ বানাক্ৰান্তৰ মাজত থাকি চিকিৎসা শিবিৰত সহযোগিতা আগবঢ়োৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বান আক্ৰান্ত সকলৰ বহু পৰিয়ালক প্ৰদান কৰিছে নগদ ধন । শিৱসাগৰ জিলাৰ বান দুৰ্যোগৰ সময়ত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহায়কাৰীৰ সমান্তৰালকৈ কৰিমগঞ্জৰ পৰা আহি সহায় আগবঢ়ায় যোৱা এই সকল ব্যক্তিকো কৃতজ্ঞতা জ্ঞাপন কৰিছে জিলা খনৰ বিভিন্ন জন ব্যক্তিয়ে ।
#highlight
#follower
#nonfollowers
#everyonefollowers
#karimganjdistrict