অ এন জি চিৰ বিৰুদ্ধে আটাছুৱে ঘোষণা কৰা ৭২ ঘন্টা সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী বাতিল
আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে সংবাদ মেল যোগে সদৰি কৰে এই কথা
অ এন জি চিৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল ৭ জুন ২০২৬ তাৰিখে
সদৌ তাই আহোম ছাত্র সন্থাৰ উদ্যোগত যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই ৰাজহুৱা সভা
এশ শতাংশ থলুৱাক নিযুক্তি দিয়া , অ এন জি চিৰ কাৰ্যালয় স্থানান্তৰিত কৰাৰ বিৰোধিতা , চুকাফা চিকিৎসালয়ৰ আন্ত:গাঁঠনি উন্নত কৰাকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰে অনুষ্ঠিত কৰিছিল এই ৰাজহুৱা সভা
ইয়াৰ পাছত অ এন জি চিৰ উৰ্ধতন কৰ্তৃপক্ষৰ সতে আলোচনাত মিলিত হোৱাৰ পাছত এই সকলো দাবী অ এন জি চিয়ে মানি লোৱাত বাতিল কৰে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী
#highlight #everyonefollowers #folllwforfollow #Atasu