আজি আমি Our Sivasagar Team ৰ লোকসকলে ক্ষতিগ্ৰস্ত আৰু বান-বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে শ্ৰমদানৰ মাজেৰে বহু আপোন মানুহৰ কাষত থিয় হ’বলৈ সুযোগ পালোঁ।
লগতে আজি নেপালী খুঁটিত এই কঠিন সময়ছোৱাত Global Sikhs-ৰ সৈতে লগ হৈ বানাক্ৰান্ত ৰাইজৰ দুখ-কষ্টৰ বিষয়ে কিছু কথা পাতিলোঁ। তেওঁলোকৰ সহায় আৰু মানৱীয় প্ৰচেষ্টাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 🙏
বানপানীয়ে বহু পৰিয়ালক সৰ্বস্বান্ত কৰিছে। কোনোবাই ঘৰ হেৰুৱাইছে, কোনোবাই জীৱনৰ আপোন মানুহক হেৰুৱাইছে। এই দুখৰ সময়ত আমি ইজনে-সিজনৰ কাষত থিয় দিয়াটোৱেই আমাৰ আটাইতকৈ ডাঙৰ মানৱীয় দায়িত্ব। ❤️
এটা সৰু অনুৰোধ—
এই বানপানীত যিসকলে নিজৰ পৰিয়ালৰ কোনো মুৰব্বী বা আপোনজনক হেৰুৱাইছে, তেওঁলোকে যদি পাৰে, আমাৰ সৈতে যোগাযোগ কৰক। আমাৰ সামৰ্থ্য অনুসৰি অলপ হ’লেও সহায় কৰিবলৈ আন্তৰিকভাৱে আগ্ৰহী।
সহায় আৰ্থিকভাৱে হওক বা শ্ৰমদানেৰে হওক, যিমানখিনি পাৰোঁ, আমি সদায় আপোনালোকৰ কাষত থিয় দিবলৈ প্ৰস্তুত।
আমাক ফোনযোগে যোগাযোগ কৰিব পাৰে অথবা তলত কমেণ্ট কৰিব পাৰে। আপোনালোকৰ দুখ আমাৰো দুখ। এই কঠিন সময় আমি সকলোৱে একেলগে পাৰ কৰিব লাগিব। 🙏❤️
📞9101154242
ধন্যবাদ।
জয় আই অসম। ❤️