শিৱসাগৰত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিবাদ
শিৱসাগৰৰ জিলা মিছন কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এই সকল শিক্ষকে
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰতো সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ শিৱসাগৰ জিলা সমিতিয়ে ৰূপায়িত কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী
টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সমকাম সম মৰ্যাদা, প্ৰধান শিক্ষকৰ পদোন্নতিৰ ক্ষেত্ৰত জ্যেষ্ঠতাৰ মান্যতা প্ৰদান কৰা, অৱসৰী শিক্ষকক আৰ্জিত ছুটীৰ পাৰিতোষিক প্ৰদান কৰা, শিক্ষকৰ বদলিকৰণ সমস্যা সমাধান কৰাকে আদি কৰি বহু কেইটা দাবীৰে ৰূপায়িত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।
উল্লেখ্য যে আগন্তুক দিনত কাহিলীপাৰাত অৱস্থিত সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ৰ সন্মুখত সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষক সমাজে সাব্যস্ত কৰিব প্ৰতিবাদ
#TETTeacher
#highlights
#follower
#ttt
#everyone