সোণাৰি: চৰাইদেউ জিলাত দেওবাৰে দিনৰ ১বজাত প্ৰৱল বৃষ্টিপাতৰ বাবে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে সতৰ্কবাণী
দেওবাৰে দিনৰ ১ বজাত গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি চৰাইদেউ জিলাখনত আজি প্ৰৱল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আজি জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাতৰ পূৰ্ণ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জিলাখনত আজি সতৰ্কবাণী জাৰি কৰিছে। সেয়ে ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্রই ।