সোণাৰি: চেলেং গাঁও, খামন গাঁও, নামতোলাত অবৈধ সুৰাৰ বিৰুদ্ধে চৰাইদেউ জিলা আবকাৰী বিভাগে অভিযান চলাই ১৩৫লিটাৰ চুলাই পাছ নষ্ট কৰে
চৰাইদেউ জিলা আবকাৰী বিভাগে সোণাৰিৰ চেলেং গাঁও, খামন গাঁও,নামতোলাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ১৩৫ লিটাৰ চুলাইৰ পাছ আৰু বিক্ৰীৰ বাবে ৰখা ১০লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, উক্ত অঞ্চলকেইটাত আবকাৰী বিভাগে ধাৰাবাহিক ভাৱে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে ।