'মুখ্য নিৰ্বাচন আয়ুক্তৰে আন দুগৰাকী নিৰ্বাচন আয়ুক্তৰ কিমানটা সিদ্ধান্তত মতানৈক্য হৈছিল?' 'সমগ্ৰ দেশতে SIR অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কোনে লৈছিল?' 'Form 6ৰ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত কোনে লৈছিল?' ভোট চুৰি সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগলৈ ৪৮ টা প্ৰশ্নৰ অৱতাৰণা কৰিব ইণ্ডিয়া মিত্ৰজোঁটে। ECIক প্ৰশ্ন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি বিচাৰিছে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্বই।