*বিভাগীয় আঁচনিৰ অগ্ৰগতি আৰু কৃষিখণ্ডৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত মৰিগাঁও জিলা কৃষি বিভাগৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক*
মৰিগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ সভাকক্ষত আজি বিভাগীয় আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ কৃষিখণ্ডৰ বিভিন্ন পদক্ষেপ, ক্ষেত্ৰপৰ্যায়ৰ কাম-কাজ আৰু সমস্যাসমূহৰ বিস্তৃত পৰ্যালোচনাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকত কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি আৰু কাৰ্যসূচী, যেনে কৃষক পঞ্জীয়ন, কৃষি মেপাৰ, ডিজিটেল শস্য জৰীপ, ৰাষ্ট্ৰীয় ভোজ্য তেল–তৈল খেজুৰ অভিযান, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, উদ্যান শস্য আদিৰ অগ্ৰগতিৰ বিতং পৰ্যালোচনা কৰা হয়।
বৈঠকত এতিয়াও কৃষক পঞ্জীয়ন সম্পূৰ্ণ নকৰা কৃষকসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত আঁচনিখনৰ ন’ডেল তথা মহকুমা কৃষি বিষয়া মূছাহীদ ফাৰুকীয়ে কৃষক পঞ্জীয়নৰ গতি ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়। লগতে Encroacher Model-ৰ অধীনত কৃষক পঞ্জীয়নত হোৱা বিলম্বৰ কাৰণসমূহো বৈঠকত পৰ্যালোচনা কৰা হয়।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান–তৈল খেজুৰৰ অধীনত জিলাখনত তৈল খেজুৰ খেতিৰ সম্প্ৰসাৰণৰ অগ্ৰগতিৰ ওপৰতো আলোচনা কৰা হয়। তৈল খেজুৰ খেতি সন্দৰ্ভত কৃষকৰ মাজত থকা ভুল ধাৰণা বা অপপ্ৰচাৰ দূৰ কৰাৰ লগতে এই খেতিৰ অৰ্থনৈতিক সম্ভাৱনা, উৎপাদনশীলতা আৰু কৃষকৰ বাবে থকা সম্ভাৱ্য লাভালাভ সম্পৰ্কে সঠিক তথ্য প্ৰদান কৰি অধিক সংখ্যক কৃষকৰ কাষ চাপিবলৈ জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাই সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায়। বৈঠকত ডিজিটেল শস্য জৰীপ আৰু কৃষি মেপাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। জিলাখনত ৰূপায়িত সকলো বিভাগীয় আঁচনিৰ নিৰ্ধাৰিত লক্ষ্য সময়মতে সম্পূৰ্ণ কৰি সফল ৰূপায়ণ নিশ্চিত কৰাৰ ক্ষেত্ৰত ক্ষেত্ৰপৰ্যায়ত অধিক সক্ৰিয়ভাৱে কাম কৰাৰ বাবে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক নিৰ্দেশনা প্ৰদান কৰা হয়।
আজিৰ বৈঠকত সহকাৰী কৃষি সঞ্চালক অসীম কুমাৰ নাথ, গৌতম নাথ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া পদুম বৰা, কিশোৰ কুমাৰ কলিতা, কৃষি উন্নয়ন বিষয়াসকলৰ লগতে সংশ্লিষ্ট কৃষি সম্প্ৰসাৰণ সহায়ক আৰু বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।