বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱত ৩৮ সংখ্যক জিলা দিৱস উদযাপন
_ঐতিহ্যৰ সংৰক্ষণ, সাংস্কৃতিক ঐক্য আৰু সামাজিক সজাগতাৰ বাৰ্তাৰে মুখৰিত সমগ্ৰ জিলা_
ইতিহাসৰ গৌৰৱময় অধ্যায়, সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু সামূহিক ঐক্যৰ চেতনাক সাৰোগত কৰি মৰিগাঁও জিলাত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক জিলা দিৱস উদযাপন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজিত এই কাৰ্যসূচীসমূহে মৰিগাঁৱৰ ঐতিহাসিক পৰিচয়ক স্মৰণ কৰাৰ লগতে সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে জনসজাগতা, সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বক বিশেষভাৱে প্ৰতিফলিত কৰে।
জিলা দিৱসৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটে তৰুণ ৰাম ফুকন খেলপথাৰত পতাকা উত্তোলন আৰু মানৱ-শৃংখল গঠনেৰে। ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক দল আৰু সৰ্বস্তৰৰ ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণেৰে গঢ় লৈ উঠা এই মানৱ-শৃংখলে জিলাখনৰ প্ৰতি সমূহীয়া দায়বদ্ধতা, সংহতি আৰু ঐক্যৰ এক তাৎপৰ্যপূৰ্ণ ছবি দাঙি ধৰে। অনুষ্ঠানত শিল্পী শ্ৰী ভদ্ৰেশ্বৰ ডেকা আৰু তেওঁৰ সহযোগীসকলে জিলা দিৱসৰ থীম ছং পৰিৱেশন কৰি পৰিৱেশটো সাংস্কৃতিক আবেগ আৰু জিলাখনৰ প্ৰতি গৌৰৱবোধেৰে মুখৰিত কৰি তোলে।
অনুষ্ঠানত ০৯-নগাঁও লোকসভা সমষ্টিৰ সাংসদ শ্ৰী দেৱাশীষ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ৰমাকান্ত দেউৰীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে। লগতে নৰোৱা কুঁজী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী নিত্যানন্দ গোস্বামী দেৱ উপস্থিত থাকে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী নিশান্ত সৌৰভ, আইপিছ জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, এ চি এছ, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী প্ৰণতি কলিতা ডেকা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি শ্ৰী যুগেশ তামুলী কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি, জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু সৰ্বসাধাৰণ ৰাইজে অনুষ্ঠানত উপস্থিত থাকি জিলা দিৱসৰ তাৎপৰ্যপূৰ্ণ উদযাপনত অংশীদাৰ হয়।
ইয়াৰ পাছতে তৰুণ ৰাম ফুকন খেলপথাৰৰ পৰা মৰিগাঁও চহৰ অভিমুখে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ঝুমুৰ আৰু বিভিন্ন পৰম্পৰাগত লোকনৃত্যৰ মনোমোহা পৰিৱেশনে শোভাযাত্ৰাক অধিক আকৰ্ষণীয় কৰি তোলে। ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে উলিওৱা শোভাযাত্ৰাই জিলাখনৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু ঐতিহ্যৰ বৰ্ণিল ৰূপ প্ৰতিফলিত কৰে।
জিলা দিৱসৰ কাৰ্যসূচীৰ আন এক উল্লেখযোগ্য দিশ আছিল সামাজিক সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভি আই পি ৰোডৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰূপায়ণ কৰা দেৱাল চিত্ৰাংকন অভিযান। সংহত শিশু উন্নয়ন সেৱা (ICDS) আৰু মিছন শক্তিৰ সহযোগত শিল্পকলাৰ ছাত্ৰ-ছাত্ৰীসকলে বাল্যবিবাহ প্ৰতিৰোধ, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ, বহুবিবাহজনিত সামাজিক সমস্যাৰ বিৰুদ্ধে সজাগতা আৰু মানৱ সৰবৰাহ প্ৰতিৰোধৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ দেৱালত চিত্ৰৰ মাধ্যমেৰে জীৱন্ত ৰূপত তুলি ধৰে। ৰং আৰু তুলিকাৰ সৃষ্টিশীল প্ৰকাশেৰে সামাজিক বাৰ্তা জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ এই প্ৰয়াসে জনসজাগতা বৃদ্ধিৰ এক ব্যতিক্ৰমী মাধ্যম হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।
একেদৰে মৰিগাঁও চহৰৰ মূল বজাৰ, বিহুতলী আৰু বিভিন্ন ৱাৰ্ডত সামাজিক বিষয়ক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নাট্যৰ সজীৱ উপস্থাপনৰ জৰিয়তে সামাজিক কু-প্ৰথা আৰু ক্ষতিকাৰক আচৰণৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰাৰ প্ৰয়াস কৰা হয়। ইয়াৰ লগতে তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) সামগ্ৰী বিতৰণ কৰি শিশু সহায়তা হেল্পলাইন ১০৯৮ আৰু মহিলা হেল্পলাইন ১৮১ সম্পৰ্কে ৰাইজক অৱগত কৰা হয়।
মৰিগাঁৱৰ ৩৮ সংখ্যক জিলা দিৱসৰ এই বহুমাত্ৰিক উদযাপনে কেৱল জিলাখনৰ গৌৰৱময় অতীতক স্মৰণ কৰাতে সীমাবদ্ধ নাথাকি ঐতিহ্যৰ সংৰক্ষণ, সাংস্কৃতিক পৰিচয়ৰ বিকাশ, সামাজিক দায়বদ্ধতা আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ এক সুদূৰপ্ৰসাৰী বাৰ্তা বহন কৰে। ইতিহাসৰ শিপাত প্ৰোথিত হৈ প্ৰগতিৰ দিশে আগবঢ়াৰ সংকল্পৰে এই উদযাপনে এখন ঐক্যবদ্ধ, সচেতন, সংবেদনশীল আৰু দায়বদ্ধ সমাজ গঢ়াৰ প্ৰেৰণাক অধিক শক্তিশালী কৰি তোলে.