সোণাৰি: মাহমৰা সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্ৰিণ্ট ৰচনাক লৈ লাকুৱাৱউন্নয়ন খণ্ডত প্ৰতিক্ৰিয়া ভোট বৰ্জনৰো হুংকাৰ ৰাইজৰ
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত হলৌফুকন আৰু চৰাইদেউ গাঁও পঞ্চায়তৰ চাৰিখন ৰাজহ গাঁও নাজিৰা মহকুমাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে নাজিৰা মহকুমাৰ লেঙীবৰ আৰু চ্যুকাফা গাঁও পঞ্চায়তক সামৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাত অন্তৰ্গত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি ইতিমধ্যে কেবিনেটৰ অনুমোদনলৈ প্ৰেৰণ কৰিছে । ইফালে চৰাইদেউ জিলাৰ প্ৰস্তাৱিত মেপখন ৰাজহুৱা হৈ পৰাৰ লগে লগে হলৌফুকন আৰু চৰাইদেউ পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি